গুৱাহাটীলৈ আহি আছে বিশ্ববিখ্যাত আমেৰিকান হাৰ্ড ৰক বেণ্ড ‘Guns N’ Roses’। অহা ১৭নৱেম্বৰত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব আমেৰিকান হাৰ্ড ৰক বেণ্ড ‘Guns N’ Roses’ৰ সংগীতানুষ্ঠান।সংগীতানুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে মহানগৰীত কেইবাটাও গুৰুত্বপূৰ্ণ পথত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিষেধাজ্ঞা আৰু নিয়ন্ত্ৰণ আৰোপ কৰিছে।
দেওবাৰে গুৱাহাটীৰ যান-বাহন আৰক্ষীৰ উপ-আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে এই নিৰ্দেশনা জাৰি কৰা হৈছে। অনুষ্ঠানস্থলীৰ আশে-পাশে যান-জঁট নিয়ন্ত্ৰণ, সাধাৰণ ৰাইজৰ নিৰাপত্তা আৰু জৰুৰীকালীন বাহনৰ চলাচল সুচল কৰি ৰখাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
GUNS N’ ROSESৰ কনচাৰ্টক লৈ গুৱাহাটীত পথ নির্দেশনা
১৭ নৱেম্বৰত খানাপাৰাত যান-বাহন চলাচলত বিশেষ নিষেধাজ্ঞা জাৰি
বিয়লি ২ বজাৰ পৰা কেইবাটাও পথত যান-বাহন চলাচল নিয়ন্ত্ৰণ কৰিব আৰক্ষীয়ে
বিয়লি ৩ বজাৰ পৰা GS ৰোডত মালবাহী বাহনৰ চলাচল বন্ধ
বিয়লি ৩ বজাৰ পৰা লেহেমীয়া বাহনৰ চলাচলো বন্ধ
ছয়মাইল উৰণ সেতুৰ পৰা খানাপাৰা ৰটাৰীলৈ পথৰ দুয়োকাষে পার্কিঙত নিষেধাজ্ঞা
খানাপাৰা, ছয়মাইল, জয়ানগৰ, বেলতলা আৰু APSC পইণ্টত যান-বাহন চলাচলত বিশেষ নিয়ন্ত্রণ
কনচার্ট উপভোগ কৰিবলৈ যোৱা দৰ্শকৰ বাবে নির্দিষ্ট পার্কিং স্থান নির্ধাৰণ
খানাপাৰা আৰু বশিষ্ঠত পার্কিঙৰ ব্যৱস্থা
উজনি অসম আৰু মেঘালয়ৰ পৰা অহা দৰ্শকৰ বাবে পার্কিঙৰ ব্যৱস্থা
দুচকীয়া বাহনৰ বাবেও পৃথক পার্কিং স্থান নির্ধাৰণ
Silver, Gold আৰু Platinum Lounge টিকটধাৰীৰ বাবে পৃথক প্ৰৱেশদ্বাৰ
কেব বাহনৰ বাবে পৃথক Drop-off আৰু Pick-up Point নির্ধাৰণ
জৰুৰীকালীন বাহন, বিদ্যালয়ৰ বাছ আৰু স্থানীয় বাসিন্দাৰ চলাচলত বাধা নাথাকে