উৎসৱৰ সময়ত আৱৰ্জনাৰে ভৰি পৰিব নেকি যোৰহাট নগৰ ? কিয়নো আজিৰ পৰা নগৰ পৰিষ্কাৰৰ দায়িত্ব এৰি কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ন কৰিছে যোৰহাট পৌৰসভাৰ কৰ্মচাৰী ।
কেইবাটাও দাবীৰে যোৰহাট পৌৰসভা সন্মিলিত শ্ৰমিক সন্থাৰ উদ্যোগত হাতত লৈছে এই কৰ্মবিৰতি কাৰ্যসূচী । মাষ্টাৰোল কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰক , ফিক্সপে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰক , চাফাই কৰ্মীক মৰ্যদা দিয়ক আদি কেইবাটাও দাবীৰে প্ৰতিবাদত বহিছে পৌৰসভাৰ কৰ্মচাৰী ।
যদিহে তেওঁলোকৰ দাবী সমূহ মানি নলয় তেন্তে পূজাৰ সময়ত আৱৰ্জনাৰে ভৰিব যোৰহাট নগৰ ।