শিৱসাগৰবাসীৰ বাবে ভাল খবৰ।
আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত নাম উজলিল শিৱসাগৰ সন্তান পংকজ চেতিয়াৰ।
বেংগালোৰুত অনুষ্ঠিত হোৱা এছিয়ান মাষ্টাৰ্ছ সাঁতোৰ প্ৰতিযোগিতাত ২০০ মিটাৰ বেকষ্ট্ৰ’ক ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম পংকজ চেতিয়া।
অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল পংকজ চেতিয়াসহ ১১ জন প্ৰতিযোগিয়ে।
ছুইমিং ফেডাৰেচন অফ ইণ্ডিয়াই আয়োজন কৰা এই প্ৰতিযোগিতাত ৫৩ খন দেশে অংশগ্ৰহণ কৰিছিল।