মৰিগাঁও জিলাৰ মায়ং আৰক্ষী থানাৰ সফলতা
এক গোপন সূত্ৰৰ পমখেদি পাভকাতি অঞ্চলত মায়ং আৰক্ষীৰ এটা দলে অভিযান চলাই ৩৮ টা গৰু জব্দ কৰিবলৈ সক্ষম হয়।
ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমনি ডেকাৰ পৰা জানিব পৰা অনুসৰি, বৃহস্পতিবাৰে নিশা একাংশ অচিনাক্ত গো সৰবৰাহকাৰীয়ে দৰঙৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰে নাও যোগে অবৈধভাৱে গৰুসমূহ আনি মেঘালয়লৈ প্ৰেৰণ কৰাৰ বাবে পাভকাতিত নদীৰ পাৰত জমা কৰিছিল।
ই খবৰ পোৱাৰ লগে লগে মায়ং আৰক্ষীৰ এটা দল গৈ উক্ত স্থানত উপস্থিত হয়। আৰক্ষীৰ উপস্থিতি হোৱাৰ গম পাই চোৰাং সৰবৰাহকাৰীৰ দলটোৱে অন্ধকাৰৰ সুযোগ লৈ নদীৰ মাজেৰে নাৱেৰে পলায়ন কৰে।
আৰক্ষীৰ দলটোৱে ঘটনাস্থলীৰ পৰা মুঠ ৩৮ টা গৰু উদ্ধাৰ কৰে। ইয়াৰ উপৰিও গৰুসমূহ কঢ়িয়াবলৈ অনা AS 17 C 5620 পঞ্জীয়ন নম্বৰৰ এখন নীলা ৰঙৰ ‘টাটা আল্ট্ৰা পিক-আপ ভান’ জব্দ কৰে।
জব্দকৃত গৰু আৰু বাহনখন মায়ং থানালৈ লৈ অহা হৈছে নিশাৰ ভাগতে । মায়ং আৰক্ষীয়ে ঘটনা সন্দৰ্ভত প্রয়োজনীয় আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু পলাই যোৱা সৰবৰাহকাৰীৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে।