৩ গৰাকী হাইপ্ৰ’ফাইল প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ

আজি নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন।

অন্তিম দিনটোত শাসকীয় আৰু বিৰোধী দলৰ কেইবাজনো হাইপ্ৰ’ফাইল প্ৰাৰ্থীয়ে নিজ নিজ সমৰ্থকসকলক লৈ বিশাল ৰেলীৰে মনোনয়ন পত্ৰ দাখিল কৰে।

বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই আজি দুপৰীয়া মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত তেওঁৰ সৈতে উপস্থিত থাকে মন্ত্ৰী পীযূষ হাজৰিকা, সাংসদ দিলীপ শইকীয়া আৰু মন্ত্ৰী কেশৱ মহন্ত।

ইফালে, কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাইও আজি মনোনয়ন পত্ৰ দাখিল কৰে। তেওঁৰ মনোনয়ন দাখিল কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ লগতে সাংসদ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন উপস্থিত থাকে।

আনহাতে, AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও আজি মনোনয়ন পত্ৰ দাখিল কৰে। তিনিওগৰাকী প্ৰাৰ্থীয়েই সমৰ্থকৰ বিশাল সমদল আৰু ৰেলীৰে মনোনয়ন দাখিল কৰে

Leave a Reply

Your email address will not be published. Required fields are marked *