অন্ধ্ৰপ্ৰদেশৰ পৱিত্ৰ তীৰ্থস্থলী শ্ৰীশৈলমত মৰ্মান্তিক ঘটনা। বন্ধ কোঠাত একেটা পৰিয়ালৰ পাঁচজন সদস্যৰ মৃতদেহ উদ্ধাৰ। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা
আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, শ্ৰীশৈলম মন্দিৰৰ অধীনস্থ Vaddera Satramৰ এটা কোঠাত আশ্ৰয় লৈছিল শ্ৰী সত্য সাই পুট্টপাৰ্থী জিলাৰ বাথালাপল্লী গাঁৱৰ পৰিয়ালটোৱে ।
কিন্তু কোঠাৰ ভিতৰতে পাঁচজন সদস্যই চৰম সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰাথমিকভাৱে সন্দেহ কৰা হৈছে।
আৰক্ষীৰ মতে, চলিত মাহৰ ২০ তাৰিখে Vaddera Satramত কোঠা লৈছিল পৰিয়ালটোৱে। কিন্তু প্ৰায় ৩দিন ধৰি তেওঁলোক কোঠাৰ পৰা বাহিৰলৈ ওলাই নহাত Vaddera Satram কৰ্তৃপক্ষৰ সন্দেহ হৈছিল। ইয়াৰ পিছতে আৰক্ষীক খবৰ দিছিল কৰ্তৃপক্ষই। আৰক্ষীয়ে কোঠাটোৰ দুৱাৰ খুলি ভিতৰত প্ৰৱেশ কৰাৰ পিছত ৫গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰে।
আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত পৰিয়ালটোৱে গুৰুতৰ আৰ্থিক সমস্যাৰ সন্মুখীন হৈ এই ঘটনা সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে এতিয়ালৈকে ঘটনাটোৰ প্ৰকৃত কাৰণ নিশ্চিত হোৱা নাই। মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। লগতে পৰিয়ালৰ আত্মীয়সকলক ঘটনাটোৰ বিষয়ে অৱগত কৰা হৈছে।