শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বানপীড়িত ৰাইজ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী।
শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত সৰ্বস্বান্ত হোৱা ৰাইজক উপযুক্ত ক্ষতিপূৰণ (১৫,০০০ টকা) আৰু সাহায্য প্ৰদান নকৰাৰ অভিযোগ তুলি ক্ষুব্ধ ৰাইজে প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।
বানাক্ৰান্ত পৰিয়ালসমূহক ক্ষতিপূৰণ দিয়াৰ সলনি জিলা আয়ুক্তই দায়িত্বহীন ভূমিকা পালন কৰিছে আৰু কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ কৰ্মবিৰতিৰ বাবে সাহায্য প্ৰক্ৰিয়া বন্ধ হৈ পৰিছে।
ৰাইজৰ বাবে মাত মতাৰ পাছত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে জিলা আয়ুক্তৰ শেহতীয়া আচৰণক গৰিহণা দি অতি শীঘ্ৰে জিলা আয়ুক্তগৰাকীক শিৱসাগৰৰ পৰা বদলি কৰি এগৰাকী সংবেদনশীল বিষয়া নিয়োগ কৰিবলৈ অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীক দাবী জনায়।
দাবী পূৰণ নোহোৱালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব বুলিও ৰাইজে সকীয়াই দিয়ে।