নিশাৰ মুষলধাৰ বৰষুণত উটি গ’ল গুৱাহাটীৰ আভিজাত্য

গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্য নতুন নহয় বিগত সময়ত মহানগৰবাসীয়ে এই বানত ককবকাই থাকিবলগীয়া হৈছে । বিভিন্ন সময়ত মহানগৰীক বানমুক্ত কৰিবলৈ বহুতো আঁচনি গ্ৰহণ কৰিছে যদিও আজিলৈকে সফল হোৱা নাই ।

নিশাৰে পৰা হোৱা বৰষুণত উটি গ’ল গুৱাহাটীৰ আভিজাত্য। বৰষুণ আহিলেই এতিয়া যমৰ যাতনা ভুগিবলগীয়া হয় মহানগৰবাসীয়ে।

নিশা অহা মুষলধাৰ বৰষুণ ফলত মহানগৰীৰ বিভিন্ন প্ৰান্তত একাঁঠু পৰ্যন্ত পানীৰে উপচি পৰিছে। পানীত বুৰ গৈছে হাতীগাঁও, অনিল নগৰ, জু ৰোড, ডাউন টাউন, ৱায়াৰলেছ আদি। পানীৰ বাবে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা।

বৰবাৰী-ছয়মাইল সংযোগী পথতো কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। একেদৰে এই বানৰ কবলত পৰিছে অম্বিকাগিৰী নগৰ, জু-ৰোডৰ দেৱদাৰু পথ, মিলন পথ। ধ্ৰুৱজ্যোতি পথতো একাঁঠু পৰ্যন্ত পানী হৈছে।

গীতানগৰ আৰু হেঙেৰাবাৰীৰ দাঁতিকাষৰীয়া পাহাৰীয়া পানীয়ে জুৰুলা কৰিছে অম্বিকাগিৰী নগৰ অঞ্চল। পাহাৰীয়া পানীয়ে দুৰ্বিসহ কৰি তুলিছে জনসাধাৰণৰ জীৱন।

বানৰ বাবে সাতগাঁৱৰ এছ এফ এছ আৰু হাতীগাঁৱৰ লিটল ফ্লাৱাৰ স্কুল বন্ধ ঘোষণা কৰা হৈছে। বন্ধ ঘোষণা কৰা হৈছে ছুপাৰ মাৰ্কেটৰ আনন্দ একাডেমীয়ো। অৱশ্যে যোৰাবাটত স্বাভাৱিকভাৱে চলি আছে যাতায়াত। যোৰাবাটত এইপৰ্যন্ত সৃষ্টি হোৱা নাই বানপানীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *