গুৱাহাটী মহানগৰীত এতিয়া দিনদুপৰতে ওলাই যাব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে। পুনৰ মহানগৰীৰ বুকুত চিলনী চোৰৰ সন্ত্ৰাস। এইবাৰ দিন দুপৰতে বাটে-ঘাটে একাংশ লোকৰ ডিঙিৰ চেইন কাঢ়ি পলাই যোৱা চিলনী চোৰৰ চিকাৰ হ’ল আন এগৰাকী দুৰ্ভগীয়া মহিলা।
ভৰলুমুখৰ দীনেশ গোস্বামী উৰণ সেতুৰ তলত সংঘটিত হৈছে এই চাঞ্চল্যৰ ঘটনা। গুৱাহাটী মহানগৰীত এতিয়া সুৰক্ষিত নহয় সাধাৰণ নাগৰিক। দিনক দিনে বৃদ্ধি পাইছে চিলনী চোৰৰ উপদ্ৰৱ। আজি দিনৰ প্ৰায় ১:৩০ বজাত ভৰলুমুখৰ দিনেশ গোস্বামী উৰণ সেতুৰ তলত, আৰ কে চৌধুৰী পথৰ ৯ নম্বৰ ৰেল গেটৰ ওচৰত সংঘটিত হয় এক ভয়ংকৰ চেইন চুৰি ঘটনা।
জানিব পৰা মতে, মীনা গুপ্তা নামৰ এগৰাকী মহিলা নিজৰ গন্তব্যস্থানলৈ গৈ থকা অৱস্থাতে হঠাতে বাইকত অহা দুৰ্বৃত্তই মহিলাগৰাকীৰ ডিঙিৰ পৰা চেইন কাঢ়ি পলাই যাবলৈ চেষ্টা চলাইছিল। কিন্তু মহিলাগৰাকীৰ চিঞৰ-বাখৰ আৰু স্থানীয় ৰাইজৰ তৎপৰতাত এইবাৰ ব্যৰ্থ হ’ল চোৰৰ ব্লুপ্ৰিণ্ট।পৰৱৰ্তী সময়ত উত্তেজিত ৰাইজে ঘটনা সন্দৰ্ভত ভৰলুমুখ আৰক্ষীক খবৰ দিয়ে আৰু জব্দ কৰা মটৰ চাইকেলখন আৰক্ষীক চমজাই দিয়ে। ইতিমধ্যে আৰক্ষীয়ে বাহনখনৰ নম্বৰৰ আধাৰত ক্ষিপ্ৰ তদন্ত আৰম্ভ কৰিছে। কিন্তু প্ৰশ্ন হয়, দিনদুপৰতে ব্যস্ত পথত সংঘটিত এনে ঘটনাই মহানগৰবাসীৰ নিৰাপত্তাৰ ফুটা কলহটোহে উদঙাই দেখুওৱা নাইনে?