নলবাৰীৰ কটাহকুছিত বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱা;প্ৰয়াত অন্ন কলিতাৰ বাসগৃহত উপস্থিত মন্ত্ৰীজন

বন্যহস্তীৰ আক্ৰমণত নিহত অন্ন কলিতাৰ বাসগৃহত উপস্থিত বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱা৷ মৃত অন্ন কলিতাৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ বনমন্ত্ৰী গৰাকীয়ে গভীৰ সমবেদনা জনোৱাৰ লগতে পৰিয়ালটোলৈ চাৰি লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে ।

লগতে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে।স্থানীয় ৰাইজৰ সৈতে মতবিনিময় কৰি মন্ত্ৰীগৰাকীয়ে কয়,”এইবাৰৰ পৰা বন্যহস্তীয়ে যদি কৃষি ভূমি নষ্ট কৰে, তেন্তে প্ৰতি বিঘা কৃষি ভূমিত চৰকাৰে আঠ হাজাৰকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব ৷ বন্যহস্তী আহিলে বা দেখিলে ৰাইজে হুলস্থূল কৰিব নালাগে, বন বিভাগক খবৰ দিয়াৰ লগতে নিজৰ লগতে আনকো সজাগ কৰিব লাগে ৷”

Leave a Reply

Your email address will not be published. Required fields are marked *