বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ নিৰ্দেশ; ৰাজ্যজুৰি অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান

বজালীত বন বিভাগৰ অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে ব্যাপক অভিযান

মৈৰামভিঠা–পুঠিমাৰীত উৎখাত অবৈধ কাঠফলা মিল, জব্দ কাঠ আৰু জেনেৰেটৰ

ৰাজ্যজুৰি অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগে চলাই থকা কঠোৰ অভিযানৰ অংশ হিচাপে আজি বজালী জিলাতো এক বৃহৎ অভিযান চলোৱা হয়।

বজালীৰ মৈৰামভিঠা আৰু পুঠিমাৰী অঞ্চলত দীৰ্ঘদিন ধৰি অবৈধভাৱে চলি থকা এটা বৃহৎ কাঠফলা মিল উৎখাত কৰি বন বিভাগে কাঠ আৰু এটা জেনেৰেটৰ জব্দ কৰে।

বৰপেটা ৰোড বন সংমণ্ডলৰ বন বিষয়া ধৰ্মেন্দ্ৰ কুমাৰ দাসৰ নেতৃত্বত, পাঠশালা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আৰু সৰুপেটা আৰক্ষীৰ এটা বৃহৎ দলে যৌথভাৱে এই অভিযান চলায়।

অভিযানকালত বন বিভাগে অবৈধ কাঠফলা মিলটোৰ সা-সঁজুলি ভাঙি পেলোৱাৰ লগতে মিলত মজুত কৰি ৰখা কাঠ আৰু ব্যৱহৃত জেনেৰেটৰ জব্দ কৰে।

জানিব পৰা মতে, বজালীৰ মৈৰামভিঠা গাঁৱৰ মথাউৰিৰ পৰা গভীৰ অৰণ্যৰ মাজত স্থাপন কৰা এই কাঠফলা মিলটোত ৪০ ইঞ্চি ব্লেড ব্যৱহাৰ কৰি দীৰ্ঘদিন ধৰি অবৈধভাৱে কাঠ ফলা কাৰ্য চলাই অহা হৈছিল।

বন বিভাগে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই মিলটো উৎখাত কৰিবলৈ সক্ষম হয়।

অভিযানৰ সময়ত বন বিভাগে স্পষ্ট কৰি কয় যে অবৈধভাৱে বনসম্পদ ধ্বংস কৰি কাঠ ব্যৱসায় চলোৱা কোনো ব্যক্তিক ৰেহাই দিয়া নহ’ব

বন সংৰক্ষণ আইন কঠোৰভাৱে প্ৰয়োগ কৰাৰ লগতে এনে অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে আগন্তুক দিনতো ধাৰাবাহিকভাৱে অভিযান অব্যাহত থাকিব।

অভিযানত বৰপেটা ৰোড বন বিষয়া ধৰ্মেন্দ্ৰ কুমাৰ দাস, পাঠশালা খণ্ড বন বিষয়া হিৰকজ্যোতি দাস, বন বিভাগৰ আন আন কৰ্মচাৰী আৰু সৰুপেটা আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *