দেওবাৰে আমিনগাঁৱৰ তিনিখনকৈ নিৰ্মিয়মান ষ্টেডিয়াম পৰিদৰ্শন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
শীঘ্ৰে আমিনগাঁৱত মুকলি হ’ব নিৰ্মাণৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ছুইমিং পুল। অত্যাধুনিক ছুইমিং পুলটোত ৪০জনকৈ খেলুৱৈৰ বাবে উপলভ্য থাকিব হোষ্টেলৰ ব্যৱস্থা। এই ছুইমিং পুলটো SPORTS AUTHORITY OF INDIA-ৰ দ্বাৰা পৰিচালিত হ’ব।
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে আমিনগাঁৱত নিৰ্মাণৰত আন এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম পৰিদৰ্শন কৰে। এই ষ্টেডিয়ামখনতো খেলুৱৈৰ বাবে থাকিব হোষ্টেলৰ সুবিধা। ১০০জন প্ৰশিক্ষণৰত খেলুৱৈ থাকিব পাৰিব এই হোষ্টেলত। দৰ্শকৰ বাবে ২০ হাজাৰ আসনৰ ব্যৱস্থা থাকিব ষ্টেডিয়ামখনত।
আমিনগাঁৱৰ বেডমিণ্টন একাডেমীও পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে। কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা IIT গুৱাহাটীলৈ নিৰ্মাণ হ’ব ছয় লেনযুক্ত পথ। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কুমাৰ ভাস্কৰ বৰ্মা সেতুৰে সংযোগ কৰা হ’ব চলিত বৰ্ষৰ শেষৰ ফালে।