৯ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ মিঞা সম্প্ৰদায়ৰ ব্যক্তিৰ বিৰুদ্ধে

যোৰহাটৰ ৮ নং স্পাৰ অঞ্চলত চাঞ্চল্যকৰ ঘটনা। ৯ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ ৫৫ বছৰীয়া মিঞা সম্প্ৰদায়ৰ ব্যক্তিৰ বিৰুদ্ধে।।আৰক্ষীয়ে আটক কৰে লোকজনক ।

যোৰহাট জিলাৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত ৮ নং স্পাৰ গাঁৱত ঘৃণনীয় নিৰ্লজ্জ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে ।

অভিযোগ অনুসৰি, ৫৫ বছৰীয়া বাবু আলি নামৰ এজন মিঞা সম্প্ৰদায়ৰ লোকে ৯ বছৰীয়া কিশোৰীগৰাকীক ধৰ্ষণৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । ঘটনাৰ পিছত পৰিয়ালৰ লোকে পুলিবৰ থানাত অভিযোগ দাখিল কৰে।

ইতিমধ্যেই আৰক্ষীয়ে অভিযান চলাই অভিযুক্ত বাবু আলিক আটক কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *