আমিনগাঁৱত নিৰ্মাণৰত ৩খনকৈ ষ্টেডিয়াম পৰিদৰ্শন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

আমিনগাঁৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

আমিনগাঁৱত নিৰ্মাণৰত ৩খনকৈ ষ্টেডিয়াম পৰিদৰ্শন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

শীঘ্ৰে মুকলি হ’ব নিৰ্মাণৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা চুইমিং পুল।

অত্যাধুনিক চুইমিং পুলটোত ৪০ জনৈক খেলুৱৈৰ বাবে উপলব্ধ থাকিব হোষ্টেলৰ ব্যৱস্থা।

SPORTS AUTHORITY OF INDIA ৰ দ্বাৰা পৰিচালিত হ’ব চুইমিং পুলটো।

একেদৰে আমিনগাঁৱত নিৰ্মাণৰত আন এখন আন্ত: ৰাষ্ট্ৰীয় মানদণ্ডৰ ক্ৰিকেট ষ্টেডিয়াম পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে।

এই ষ্টেডিয়ামখনতো খেলুৱৈৰ বাবে থাকিব হোষ্টেলৰ সুবিধা।

২০০ জন প্ৰশিক্ষণৰত খেলুৱৈৱে থাকিব পাৰিব এই হোষ্টেলত।

দৰ্শকৰ বাবে ১৫-২০ হাজাৰ আসনৰ ব্যৱস্থা থাকিব ষ্টেডিয়ামখনত।

আমিনগাঁৱৰ বেডমিণ্টন একাডেমীও পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে।

কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা IIT গুৱাহাটীলৈ নিৰ্মাণ হ’ব ছয় লেনযুক্ত পথ।

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কুমাৰ ভাস্কৰ বৰ্মা সেতুৰে সংযোগ কৰা হ’ব চলিত বৰ্ষৰ শেষৰ ফালে।

গৌৰীপুৰত নিৰ্মাণৰত টাৰ্মিনেল মুকলি হ’ব একে সময়তে।

আমিনগাঁৱৰ ৰেলৱে ভূমিত চলিব বৃহৎ উচ্ছেদ।

শৰাইঘাটৰ তৃতীয় খন দলং নিৰ্মাণৰ বাবে চৰকাৰে লৈছে এই সিদ্ধান্ত।

আমিনগাঁৱৰ ৰেলৱে ভূমিৰ উচ্ছেদিতক আজ্ঞাঠুৰীত প্ৰদান কৰা হ’ব ভূমি।

এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’লেই উচ্ছেদ।চলিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে

Leave a Reply

Your email address will not be published. Required fields are marked *