আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং। দুমাহৰ বাবে সম্পূৰ্ণৰূপে দলংখনেৰে যাতায়াত বন্ধ থাকিব। ১৫ ছেপ্টেম্বৰলৈ পুৰণি শৰাইঘাট দলঙেৰে যাতায়াত বন্ধ।থাকিব।
ইয়াৰ বাবে ৩১ জুলাইলৈ বাহনৰ গতিপথ সলনি কৰা হৈছে। মেৰামতি সম্পূৰ্ণ নোহোৱালৈ পুৰণি শৰাইঘাট দলংখন সকলো প্ৰকাৰৰ যান-বাহনৰ চলাচলৰ বাবে দুয়োফালৰ পৰা সম্পূৰ্ণৰূপে বন্ধ থাকিব।
নামনিত অসমৰ দিশৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধূৰ যান-বাহন (যাত্ৰীবাহী বাছৰ বাহিৰে) বাইহাটা চাৰিআলি-কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। একেদৰে, উজনি অসমৰ পৰা নামি অসমৰ দিশলৈ অহা সকলো গধূৰ যান-বাহন (যাত্ৰীবাহী বাছৰ বাহিৰে) কলিয়াবৰ তিনিআলি-বাইহাটা চাৰিআলি হৈ যাব লাগিব।
পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ কোনো বাণিজ্যিক মালবাহী বাহনক নতুন শৰাইঘাট দলঙৰ মাজেৰে গুৱাহাটী মহানগৰীলৈ প্ৰৱেশ বা প্ৰস্থান কৰিবলৈ দিয়া নহ’ব।
নামনি অসমৰ পৰা গুৱাহাটী হৈ উজনি অসমৰ দিশলৈ অহা লঘু যান-বাহনসমূহক পুৰণি শৰাইঘাট দলঙৰ স্বাভাৱিক পথেৰে যাবলৈ অনুমতি দিয়া নহ’ব। ইয়াৰ পৰিৱৰ্তে তেওঁলোকক নতুন শৰাইঘাট দলঙৰ ওচৰৰ চেকপইণ্টত নতুন দলঙৰ দিশলৈ ডাইভাৰ্ট কৰা হ’ব। এই সকলো বাহন নতুন শৰাইঘাট দলঙৰ ওপৰেৰে গুৱাহাটী হৈ উজনি অসমৰ দিশলৈ যাব আৰু জালুকবাৰীৰ নাকা চেকিং পইণ্টত পুনৰ স্বাভাৱিক পথত প্ৰৱেশ কৰিব।