ষোড়শ অসম বিধান সভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থ দিন; প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হ’ব সদনৰ কাম-কাজ

ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুৰ্থটো দিন । প্ৰশ্ন-উত্তৰ ঘণ্টাৰে আৰম্ভ হয় সদনৰ কাম-কাজ ৷ অধিৱেশনৰ চতুৰ্থ দিনটোত শিক্ষা খণ্ড, মোবাইল নেটৱৰ্ক, খোৱাপানী বিতৰণ, বাওখুংগ্ৰী সমষ্টি সন্দৰ্ভত প্ৰশ্নোত্তৰ হয়৷

আনহাতে, বিধানসভাত দিনটোত জালনোট উদ্ধাৰ শীৰ্ষক বাতৰি সম্পৰ্কত ৱাজেদ আলী চৌধুৰীৰ প্ৰশ্ন থকাৰ লগতে সৰ্থেবাৰীৰ কাঁহ পিতল উদ্য়োগৰ সংৰক্ষণ, অধুনিকীকৰণ, কাৰিকৰসকলৰ আৰ্থিক সুৰক্ষা সন্দৰ্ভত দীপক কুমাৰ দাসৰ প্ৰশ্ন আছে৷

আজিৰ দিনটোত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই “অসম সূক্ষ্ম, লঘু আৰু মজলীয়া প্ৰতিষ্ঠান (স্থাপন আৰু পৰিচালনাৰ সুবিধা) বিধেয়ক ২০২৬” উত্থাপনৰ অনুমতি বিচাৰিব আৰু শ্ৰম কল্যাণ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে “অসম দোকান আৰু প্ৰতিষ্ঠান (সংশোধন) বিধেয়ক ২০২৬” উত্থাপন কৰিবলৈ অনুমতি বিচাৰিব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *