মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিক লৈ ৰাজ্য চৰকাৰৰ বিশেষ নিৰ্দেশনা।
কেইবাটাও নতুন নিৰ্দেশনা আগবঢ়াইছে উচ্চ শিক্ষা বিভাগে।
নিযুত মইনা আঁচনিত কোনে পাব কিমান টকা?
উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে প্ৰতিমাহে পাব ৮০০ টকা
স্নাতক শাখাৰ ছাত্ৰীয়ে প্ৰতিমাহে পাব ১,২৫০ টকা
স্নাতকোত্তৰ ছাত্ৰীয়ে প্ৰতিমাহে পাব ২,৫০০টকা
পলিটেকনিক প্ৰতিষ্ঠানৰ ছাত্ৰীক প্ৰথম, দ্বিতীয় বৰ্ষত প্ৰদান কৰা হ’ব প্ৰতিমাহে ৮০০ টকা
তৃতীয় বৰ্ষত মাহিলী ১,২৫০ টকা
গ্ৰীষ্ম বা শীতকালীন বন্ধত নাপাব আঁচনিৰ ধন
কোনে নাপাব মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ সুবিধা?
ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ স্কুটী লোৱাসকলে
মন্ত্ৰী, সাংসদ আৰু বিধায়কৰ কন্যাই
বিগত বৰ্ষত ৭০% উপস্থিতি নথকা পুৰণি হিতাধিকাৰী ছাত্ৰীয়ে
২০২৭-২৮ শিক্ষাবৰ্ষৰ পৰা ফি ৱেইভাৰ বা নিযুত মইনা আঁচনি যিকোনো এটাৰহে পাব সুবিধা।
মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি লাভ কৰিবলৈ যোগ্যতাৰ মাপ
ছাত্ৰীগৰাকী হ’ব লাগিব অসমৰ স্থায়ী বাসিন্দা
আৰ্থিক সীমা অবিহনে সকলো যোগ্য ছাত্ৰীয়ে পাব উদগনি
চৰকাৰী, চৰকাৰ-স্বীকৃত অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ ছাত্ৰীলৈ এই সাহায্য
পলিটেকনিকৰ ছাত্ৰীয়েও পাব এই আঁচনিৰ ধন
উচ্চতৰ মাধ্যমিক, স্নাতক আৰু পলিটেকনিকৰ ছাত্ৰীসকল অবিবাহিত হ’ব লাগিব
PG আৰু বি.এড. পাঠ্যক্ৰমৰ বিবাহিত ছাত্ৰীসকলেও এই সুবিধা লাভ কৰিব