কামৰূপ জিলাৰ বঙলাগড় অঞ্চলত বুধবাৰে পিঞ্জৰাত এটা নাহৰফুটুকী আৱদ্ধ হয়।
দীৰ্ঘদিন ধৰি নাহৰফুটুকীটোৱে অঞ্চলবাসীৰ মাজত আতংকৰ সৃষ্টি কৰি আহিছিল।
ইফালে, স্থানীয় ৰাইজে বিষয়টো বন বিভাগক অৱগত কৰাৰ পিছতে বন বিভাগে বঙলাগড়ৰ কালীপাহাৰৰ সমীপত পিঞ্জৰা স্থাপন কৰিছিল। মঙলবাৰে নিশা পতা সেই পিঞ্জৰাত বুধবাৰে পুৱতি নিশা খাদ্যৰ সন্ধানত অহা নাহৰফুটুকীটো আৱদ্ধ হয়।
আনহাতে, নাহৰফুটুকীটো পিঞ্জৰাত আৱদ্ধ হোৱাৰ খবৰ বিয়পি পৰাত পুৱাই স্থানীয় লোকে ঘটনাস্থলীত ভিৰ কৰা পৰিলক্ষিত হয়। ঘটনাক লৈ অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে।