গুৱাহাটীত গ্ৰীন বাছৰ খুন্দাত আহত দ্বিতীয়জন যুৱকৰ মৃত্যু।
গুৱাহাটীৰ এপ’ল’ হাস্পতালত মৃত্যু হয় আহত জ্যোতিৰ্ময়ৰ দাস নামৰ যুৱকজনৰ।
উল্লেখ্য যে, শুকুৰবাৰে পাণবজাৰত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হৈছিল আকাশ বড়ো নামৰ যুৱকজনৰ। গুৰুতৰভাৱে আহত হৈছিল জ্যোতিৰ্ময় দাস।আহত জ্যোতিৰ্ময় দাসক গুৱাহাটীৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।। নিশা ১০.৩০ বজাত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় জ্যোতিৰ্ময়ৰ।
উল্লেখ্য যে, পাণবজাৰত গ্ৰীন বাছে খুন্দিয়াইছিল দুই যুৱকক।দুয়োজন যুৱক এখন স্কুটীৰে গৈ থকাৰ সময়তে খুন্দা মাৰিছিল এখন গ্ৰীন বাছে।এই দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছিল আকাশ বড়োৰ। গুৰুতৰভাৱে আহত জ্যোতিৰ্ময় দাসক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। কিন্তু হাস্পতালতে মৃত্যু হয় জ্যোতিৰ্ময়ৰ।