বিশ্বনাথত উদ্ধাৰ চুৰি হোৱা আ-অলংকাৰ; গ্ৰেপ্তাৰ তিনিটা গভাইত চোৰ

শুকুৰবাৰে নিশা বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত কুঁহিয়াৰবাৰী নেপালী গাঁৱত চুৰিকাণ্ড।

জানিব পৰা মতে,শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত তিনিজন অচিনাক্ত লোকে ঋষি শৰ্মা নামৰ এজন ব্যক্তিৰ বাসগৃহৰ পিছফালৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰে। অভিযুক্ত কেইজনে ঘৰৰ সা-সামগ্ৰী লণ্ডভণ্ড কৰি নগদ ধন, ৪পাত সোণালী ৰঙৰ খাৰু, ৪টা সোণালী ৰঙৰ আঙুঠি, ১টা ছাউণ্ড বক্স, ১টা ক’লা স্কুল বেগ, ৪ ডাল মঙ্গলসূত্ৰ আৰু ২টা সোণালী ৰঙৰ চেইন চুৰি কৰি লৈ যায়। চুৰি কাৰ্য সংঘটিত কৰি অভিযুক্তকেইজনে এখন মেক্সিমো বাহনেৰে পলায়ন কৰে।

এই ঘটনাৰ খবৰ পোৱা মাত্ৰেই গাঁওৰক্ষী বাহিনীয়ে জিনজিয়া আৰক্ষীক অৱগত কৰে আৰু লগে লগে বিষয়টো বিশ্বনাথ চাৰিআলি আৰক্ষী থানাক জনোৱা হয়। বিশ্বনাথ চাৰিআলি যান-বাহন আৰক্ষীৰ সহযোগত AS12AC8074 নম্বৰৰ বাহনখন বিশ্বনাথ চাৰিআলি বাইপাছত ৰখোৱা হয়।

ইফালে, আৰক্ষীক দেখি তিনিওজন অভিযুক্তই পলাবলৈ চেষ্টা কৰিছিল যদিও মৰলগাঁৱৰ গাওঁৰক্ষীবাহিনীৰ সহযোগত তিনিজন চোৰকে আটক কৰিবলৈ সক্ষম হয়। ধৃত তিনিওজন অভিযুক্ত হৈছে – সঞ্জু বসুৱাৰ (২০), ৰোহন বসুৱাৰ (১৯) আৰু অনিত বসুৱাৰ (১৯)। আৰক্ষীয়ে অভিযুক্তকেইজনৰ পৰা চুৰি হোৱা সকলো সামগ্ৰী উদ্ধাৰ কৰিছে। এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *