অকলশৰীয়া মহিলাৰ হাত ভৰি বান্ধি ডকাইতে লুটি লৈ নিলে কেইবালক্ষাধিক টকাৰ সামগ্ৰী

পুনৰ গুৱাহাাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা। সৰুমটৰীয়া স্বৰাজ নগৰৰ ৩নং বাইলেনৰ ১৮নং গৃহত ডকাইতি কাণ্ড।

গোলাপী বৰ্মন নামৰ মহিলাৰ ঘৰত ডকাইতিৰ কাণ্ড।

জানিব পৰা অনুসৰি,গোলাপী বৰ্মন নামৰ অকলশৰীয়া মহিলাগৰাকীৰ হাত ভৰি বান্ধি ডকাইতে লুটি লৈ যায় সোণৰ অলংকাৰ, ম’বাইল ফোন আৰু নগদ ধন। ডকাইতিৰ সময়তে এগৰাকী আত্মীয় আহি পায় যদিও ডকাইতৰ দলটোৱে মহিলাগৰাকীৰ আত্মীয়কো বান্ধি থয়।

বিগত মে’ মাহৰ ২৬ তাৰিখে একেটা ঘৰতে সংঘটিত হৈছিল ডকাইতিৰ ঘটনা। দিনৰ ৪-৫ বজাৰ ভিতৰত সংঘটিত হৈছে এই ডকাইতিৰ কাণ্ড। কেৱল ইমানেই নহয়, ডকাইতৰ দলটোৱে খুলি লৈ যায় CCTV কেমেৰাৰ সামগ্ৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *