পুৱতি নিশা মহানগৰী জালুকবাৰী পদুমবুৰিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
জালুকবাৰীৰ পৰা বৰাগাঁও অভিমুখী পথত, গোপালথান আৰু ৰেডিশ্যন ব্লুৰ সন্মুখত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।
এখন তীব্ৰবেগী UP 25 ET 9963 নম্বৰৰ ট্ৰাকে, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাস্তাৰ ডিভাইডাৰৰ ষ্ট্ৰীট লাইটৰ কামত নিয়োজিত এখন হাইদ্ৰাক বাহনত খুন্দা মাৰে।
এই দুৰ্ঘটনাত, হাইদ্ৰা বাহনখনৰ তিনিজন লোকৰ এজন থিতাতে নিহত হয়।আনহাতে আঘাতপ্ৰাপ্ত হোৱা দুজন লোকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।
নিহত লোকজনৰ লগতে আঘাতপ্ৰাপ্ত লোক দুজনক চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হৈছে।
জালুকবাৰী যান বাহন আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন কেইখন উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে।
ট্ৰাক চালকৰ লগতে আৰহীজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
বৰ্তমান লোক কেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই।