অৰুণাচলত ভয়ংকৰ ভূমিস্খলন! নামনি চিয়াং জিলাত খহি পৰিল পাহাৰৰ এটা অংশ

অৰুণাচলত ভয়ংকৰ ভূমিস্খলন। নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচল প্ৰদেশৰ ভিন্ন প্ৰান্তত ভূমিস্খলন

লিকাবালি চেকপোষ্টৰ ওপৰৰ চিজি ব্লক পইণ্টত ভূমিস্খলনৰ ঘটনা। যাৰ ফলত ছিজি অৰ্থাৎ গাই নদীৰ গতিপথ ৰুদ্ধ হৈ পৰিছে। শিল-মাটি খহি পৰাৰ ফলত সলনি হৈছে চিজু নৈৰৰ গতিপথ

গাই নদী ৰুদ্ধ হৈ পৰাত প্ৰশাসনে জাৰি কৰিছে হাই এলাৰ্ট।

বিশেষকৈ লিকাবালি, চিজি নদী বা গাই নদীৰ পাৰৰ গাঁওসমূহলৈ সতৰ্কবাণী জাৰি কৰা হৈছে।

অসমৰ নামনি অঞ্চলৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে। নৈপৰীয়া ৰাইজক নদীৰ কাষৰ পৰা আঁতৰি থকাৰ আহ্বান।

নদীৰ পানী হঠাত বৃদ্ধি পালে, অস্বাভাৱিক শব্দ হ’লে কৰ্তৃপক্ষক জনাবলৈ অনুৰোধ জনোৱা হৈছে। জনসাধাৰণক সম্পূৰ্ণ সতৰ্ক হৈ থাকিবলৈ জৰুৰী আহ্বান।

Leave a Reply

Your email address will not be published. Required fields are marked *