অম্বুবাচীৰ নিবৃত্তিৰ পাছতে মা কামাখ্যাৰ আশিস ল’বলৈ ভক্তৰ ভিৰ

অন্ত পৰিল অম্বুবাচী মহাযোগৰ। নিশা ১২ বাজি ২ মিনিট ১৩ ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তি । সূৰ্যোদয়ৰ পাছত দেৱীৰ স্নান, নিত্য পূজাৰ পাছত খুলি দিয়া হ’ল মন্দিৰৰ দুৱাৰ।

অম্বুবাচীৰ নিবৃত্তিৰ পিছতে মা কামাখ্যাৰ আশিৰ্বাদ ল’বলৈ কামাখ্যাধামত ভিৰ কৰিছে লাখ লাখ ভক্তই।

চাৰিদিন ধৰি দেশ-বিদেশৰ পৰা অহা সাধু-সন্ত তথা ভক্তসকলে নীচালৰ বুকুত বাহৰ পাতি আছিল। অম্বুবাচীৰ নিবৃত্তিৰ পিছত নীলাচলত বাহৰ বাতি থকা দেশ-বিদেশৰ লাখ লাখ ভক্তই আজি মাৰ আশিৰ্বাদ ল’ব। পুৱাৰে পৰা মন্দিৰ দৰ্শনৰ বাবে ভিৰ কৰিছে ভক্তসকলে।

উল্লেখযোগ্য যে অম্বুবাচী মহাযোগ উপলক্ষে এইবাৰ কামাখ্যাধামলৈ ৮ লাখৰো অধিক ভক্তৰ সমাগম হোৱা বুলি অনুমান কৰা হৈছে। ভাৰতৰ লগতে বহুসংখ্যক বিদেশী ভক্তই এইবাৰ কামাখ্যা মন্দিৰত ভিৰ কৰা দেখা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *