লামডিঙৰ লাষ্ট কলনিত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

বুধবাৰে নিশা লামডিঙত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ। উদ্ধাৰ কৰা বিলুপ্তপ্ৰায় লাজুকী বান্দৰটো বিদ্যুতৰ তাঁৰত লাগি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

জানিব পৰা মতে, বুধবাৰে নিশা লামডিং চহৰৰ নদীৰ পাৰ লাষ্ট কলনী অঞ্চলত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত লোকালয়লৈ ওলাই অহা লাজুকী বান্দৰটো কোনো কাৰণত বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ আহে। বিদ্যুৎস্পৃষ্ট হোৱাৰ লগে লগে বান্দৰটো মাটিত খহি পৰে আৰু অচেতন হৈ পৰে। ঘটনাটো প্ৰত্যক্ষ কৰি লাষ্ট কলোনীৰ স্থানীয় একাংশ ৰাইজে তৎকালিনভাৱে অচেতন হৈ পৰা বিলুপ্তপ্ৰায় লাজুকী বান্দৰটোক উদ্ধাৰ কৰে।

আনফালে স্থানীয় ৰাইজে পলম নকৰি ঘটনা সন্দৰ্ভত লামডিং বন বিভাগক খবৰ দিয়ে আৰু উদ্ধাৰ হোৱা বান্দৰটোক বন কৰ্মীৰ দলটোক গতাই দিয়ে। লগতে লামডিং বন বিভাগৰ উদ্যোগত আঘাতপ্ৰাপ্ত লাজুকী বান্দৰটোক লগে লগে স্থানীয় পশু চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান পশু চিকিৎসকৰ তত্ত্বাৱধানত তাৰ চিকিৎসা চলি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *