মোল্লা তাজউদ্দিনক দলবদ্ধভাৱে আক্ৰমণ;অঞ্চলজুৰি ব্যাপক চাঞ্চল্য

পুনৰ ৰাজ্যত মৰেল পুলিচিঙৰ ঘটনা। ডবকাৰ ৰাজবাৰী অঞ্চলত এজন মোল্লাক দলবদ্ধভাৱে আক্ৰমণ কৰাৰ লগতে শালবাগানলৈ লৈ গৈ হত্যাৰ অপচেষ্টা চলোৱাৰ অভিযোগ।

ভেলৌগুৰিৰ বাসিন্দা তথা মোল্লা তাজউদ্দিনক ৰাজবাৰীৰ এটা পৰিয়ালে ঘৰত এগৰাকী মহিলা অসুস্থ বুলি জনাই মাতি নিয়ে। কিন্তু তাত উপস্থিত হোৱাৰ পিছতেই তাজ উদ্দিনৰ ওপৰত সোণ আৰু ৰূপ চুৰিৰ অভিযোগ আনি একাংশ লোকে দলবদ্ধভাৱে আক্ৰমণ চলায় বুলি অভিযোগ কৰে তাজ উদ্দিনে।

আক্ৰমণ ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছত অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়।

তাজ উদ্দিনে অভিযোগ কৰে যে, ভাইৰেল হোৱা মাৰপিটৰ ভিডিঅ’ দেখি বিদেশতো বিষয়টো লৈ সঁহাৰি দেখা গৈছে। তেওঁৰ মতে, ইংলেণ্ড আৰু বেংগালুৰৰ লগতে আন ঠাইৰ পৰাও বহু লোকে ফোনযোগে যোগাযোগ কৰিছে। ইফালে, ন্যায় বিচাৰি ভুক্তভোগী তাজ উদ্দিনে ডবকা আৰক্ষীৰ কাষ চাপি ইকবাল উদ্দিনসহ প্ৰায় ১০–১২জন লোকৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিছে।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *