মহানগৰীৰ নাৰেংগীৰ বিদ্যুৎ পৰিষদৰ বিহুত ভয়ংকৰ ঘটনা।
এটা মোবাইল ফোনৰ বাবেই এজন যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ সুৰাপায়ী ৭ জনীয়া যুৱকৰ দলৰ।
নাৰেংগীৰ অনুকূল বস্তিৰ আছিফ আলীক ইটাৰে প্ৰহাৰ কৰি যুৱকৰ দলটোৱে সংজ্ঞাহীন কৰি দিয়ে।
ঘটনা সন্দৰ্ভত পৰিয়ালে অভিযুক্ত সূৰজ সিংসহ ৭ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
এজাহাৰটো উঠাই লবলৈ নুনমাটি থানাৰ উপ পৰিদৰ্শক মিশ্ৰই আছিফ আলীৰ পৰিয়ালক ভাবুকি দিয়ে।
এজাহাৰটো উঠাই নল’লে আছিফ আলীক ছোৱালী গোচৰত দোষী সজাই দিব বুলি নুনমাটি থানাৰ উপ পৰিদৰ্শক মিশ্ৰই পৰিয়ালক ভাবুকি প্ৰদান কৰে।