চাঞ্চল্যকৰ ঘটনা;বিদ্যুতৰ তাঁৰত লাগি চোৰৰ মৃত্যু

ধুবুৰীৰ জাকিৰ হুছেইন ৰোডত চাঞ্চল্যকৰ ঘটনা চুৰি কাৰ্য সংঘটিত কৰিবলৈ গৈ বিদ্যুতৰ তাঁৰত লাগি মৃত্যু চোৰৰ।

প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে নিশা জাকিৰ হুছেইন ৰোডৰ বাসিন্দা লুতফৰ ৰহমানৰ ঘৰত চোৰে চুৰিকাৰ্য সংঘটিত কৰিবলৈ সোমাইছিল চুৰি কৰাৰ উদ্দেশ্যে ঘৰটোৰ দেৱাল বগাবলৈ চেষ্টা কৰোঁতেই দেৱালত লাগি থকা বিদ্যুতৰ তাঁৰ লাগি চোৰটোৱে মৃত্যুক সাৱটি লয়। চোৰটোৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। ইপিনে আজি পুৱাৰ ভাগত ঘৰৰ গৰাকীয়ে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইপিনে ঘটনাটোৰ ওপৰত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *