চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱ। বন্যহস্তীৰ আক্ৰমণত দুজনকৈ লোক নিহত।
বন্যহস্তীৰ ত্ৰাসৰ বাবে অঞ্চলটোৰ স্বৰ্ণ হাজৰিকা মেমৰিয়াল ফ্লৰেন্স একাডেমি আৰু শংকৰদেৱ শিশু নিকেতনৰ লগতে কেইবাখনো শিক্ষা প্ৰতিষ্ঠান বন্ধৰ ঘোষণা।
পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰাৰ পাছতো বন বিভাগে হাতীৰ জাকটোক বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।
বৰ্তমান ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে।