ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল সাংস্কৃতিক নগৰী তেজপুৰৰ জীয়ৰী মৃগাশ্ৰী বৰুৱা

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম কন্যা। ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল সাংস্কৃতিক নগৰী তেজপুৰৰ জীয়ৰী মৃগাশ্ৰী বৰুৱা।

দিল্লীৰ তালকাটৰা ষ্টেডিয়ামত অনুষ্ঠিত মিছ গ্ৰেণ্ড ইণ্ডিয়া ২০২৬ ত ফাৰ্ষ্ট ৰানাৰ্ছ-আপৰ খিতাপ অৰ্জন কৰিলে মৃগাশ্ৰীয়ে৷

মিছ গ্ৰেণ্ড ইণ্ডিয়া ২০২৬ ত ইভিনিং গাউন, ছুইমচুট আৰু সামাজিক সমস্যাক লৈ সোধা প্ৰশ্নোত্তৰৰ ৰাউণ্ডত মৃগাশ্ৰীয়ে বিচাৰকৰ‌ লগতে দৰ্শক সকলকো মন্ত্ৰ মুগ্ধ কৰে ।’মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্বনেল ইণ্ডিয়া’ই আয়োজন কৰা এই প্ৰতিযোগিতাত মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, কেৰালা আদিকে ধৰি বিভিন্ন ৰাজ্যৰ ৩০ গৰাকীতকৈও অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *