দেশৰ আটাইতকৈ বৃহৎ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা NEET UG ২০২৬ক লৈ ডাঙৰ সিদ্ধান্ত । বাতিল ২০২৬ৰ NEET পৰীক্ষা
নেচনেল টেষ্টিং এজেন্সী (NTA)এ বিগত ৩ মে’ত অনুষ্ঠিত হোৱা পৰীক্ষা বাতিল কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ পিছত প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগৰ মাজতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে NTAএ।
২০২৬ বৰ্ষৰ NEET UG পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।
সামাজিক মাধ্যমত পৰীক্ষা বাতিল কৰা সন্দৰ্ভত Xত কৰা পোষ্টত ৰাহুল গান্ধীয়ে লিখিছে- ‘কোনোবা শিক্ষাৰ্থীৰ অভিভাৱকে ঋণ লৈছিল, কোনো শিক্ষাৰ্থীৰ মাতৃয়ে নিজৰ আ-অলংকাৰ বিক্ৰী কৰিছিল, লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে দিনে-নিশাই পঢ়া-শুনা কৰিছিল, কিন্তু তাৰ বিনিময়ত তেওঁলোকে কি পালে। প্ৰশ্নকাকত ফাদিল হ’ল। চৰকাৰৰ গাফিলতিৰ বাবে হৈছে এনে। এয়া কেৱল ব্যৰ্থতা নহয়, যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতে অপৰাধ হৈছে। প্ৰতিবাৰেই প্ৰশ্নকাকত ফাদিল কৰা মাফিয়াৰ বাবে পৰিশ্ৰমী-মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে ভূগিবলগীয়া হয়…। প্ৰধানমন্ত্ৰীয়ে প্ৰায়ে কোৱা অমৃতকাল দেশৰ বাবে বিষকাললৈ ৰূপান্তৰ হৈছে।’