তৃতীয়টো কাৰ্যকালৰ চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি নেতৃত্বাধীন এনডিএ ৷ অহা ১২ মে’ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে৷ এই শপতগ্ৰহণ অনুষ্ঠানৰ বাবে মঞ্চ প্ৰস্তুত কৰা হৈছে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৷
এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ কেবাজনো শীৰ্ষ নেতা ৷ বৃহস্পতিবাৰে নিশা ডঃ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয় ৷
সামাজিক মাধ্যমত এটা পোষ্টত ড৹ শৰ্মাই লিখে, ‘‘জনতাৰ আস্থাৰে অসমত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চমুকৈ এন ডি এ চৰকাৰৰ তৃতীয় সংস্কৰণৰ বাবে শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন চলিছে ৷ উক্ত অনুষ্ঠানত নিজৰ গৰিমামণ্ডিত উপস্থিতিৰে শোভা বৰ্ধন কৰিব মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৷’’
উল্লেখ্য যে বুধবাৰে সাংবিধানিক নিয়ম অনুসৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ হাতত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ পদত্যাগ পত্ৰ গ্ৰহণ কৰি ৰাজ্যপালে পৰৱৰ্তী চৰকাৰ গঠন নোহোৱা পৰ্যন্ত ড৹ শৰ্মাক ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালনৰ নিৰ্দেশ দিয়ে।