মৰ্মান্তিক ঘটনা;থাৰৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানিৰ

মহানগৰীৰ পল্টন বজাৰত মৰ্মান্তিক ঘটনা। থাৰৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানিৰ।

নম্বৰ প্লেটবিহীন নতুন থাৰএখনৰ খুন্দাতে প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি ৰাহেলা খাটুনৰ৷ ঘটনা সংঘটিত কৰা থাৰ সহ চালক মিন্টু আলীক আটক আৰক্ষীৰ৷

আনহাতে কণমানিজনীক বচাবলৈ ততাতৈয়াকৈ নিজ বাহনত উঠাই এজন লোকে নিবলৈ গৈ গণ প্ৰহাৰৰ সন্মুখীন হ’ল এজন নিৰপৰাধী লোক। দলবদ্ধ প্ৰহাৰৰ আহত হোৱা লোকজনৰ নাম ডিগম্বৰ ডেকা বুলি জানিব পৰা গৈছে ৷ উত্তেজিত ৰাইজে ডিগম্বৰ ডেকাৰ বাহনখনো ভাঙি ক্ষতিগ্ৰস্ত কৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ডিগম্বৰ ডেকাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে দুজনমান লোকক। ।

Leave a Reply

Your email address will not be published. Required fields are marked *