মহানগৰীত চাঞ্চল্যকৰ ঘটনা;জ্যোতিনগৰৰ পৰা সন্ধানহীন এগৰাকী মহিলা

পুনৰ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা। গুৱাহাটীৰ জ্যোতিনগৰৰ পৰা সন্ধানহীন এগৰাকী মহিলা।

মহানগৰীৰ জ্যোতিনগৰৰ ভাড়াঘৰৰ পৰা সন্ধানহীন মহিলাগৰাকী। স্বামীৰ সৈতে জ্যোতিনগৰৰ ভাড়াঘৰত আছিল মহিলাগৰাকী।

ঘটনা সন্দৰ্ভত চানমাৰি থানাত এজাহাৰ দাখিল কৰিছে মহিলাগৰাকীৰ স্বামীয়ে।

মহিলাগৰাকীৰ স্বামী দেৱজিৎ শর্মাৰ অভিযোগ অনুসৰি শুকুৰবাৰে আবেলি স্বামীক ঘৰলৈ কেতিয়া আহিব বুলি ফোন কৰি সুধিছিল মহিলাগৰাকীয়ে। প্ৰায় ৭ মান বজাত বুলি শৰ্মাৰ স্বামী ঘৰত উপস্থিত হৈছিল। ঘৰত উপস্থিত হৈ বুলি শর্মাক স্বামীয়ে বহুবাৰ ফোন কৰিছিল যদিও ছুইটচ অফ হৈ আছিল মহিলাগৰাকীৰ ফোন।

স্বামী দেৱজিৎ শর্মাই উল্লেখ কৰিছে যে ঘৰৰ মূল দৰ্জাখন ভিতৰৰ পৰা বন্ধ অৱস্থাত আছিল আৰু দেৱজিৎ শর্মাই খিৰিকীৰে ঘৰৰ ভিতৰত সোমাই যায় যদিও ক’তো দেখা নাপায় বুলি শৰ্মাক।

স্বামী দেৱজিৎ শর্মাই উল্লেখ কৰা অনুসৰি চুমু কলিতা নামৰ এজন যুৱকৰ সৈতে গুচি গৈছে মহিলাগৰাকী। উল্লেখ্য যে বুলি শৰ্মাৰ মাতৃৰ ঘৰ ধেমাজি জিলাৰ চিলাপথাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *