বৰক্ষেত্ৰীৰ ন-পাৰা পামত ভয়ংকৰ অগ্নিকাণ্ড;জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ছাগলী,গো-ধনৰ

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ন-পাৰা পামত শনিবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ড।

ন-পাৰা পামৰ ৰহিম বাদশ্বাহ নামৰ লোকজনৰ ঘৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড জুইৰ লেলিহান শিখাই নিমিষতে ভস্মীভূত কৰে গো-ধনসহ লক্ষাধিক টকাৰ সা-সম্পত্তি।

উল্লেখ্য যে, সূচল যাতায়তৰ ব্যৱস্থা নথকাৰ বাবেই অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হ’ব নোৱাৰাৰ বাবে স্থানীয় লোকে জুই নিৰ্বাপন কৰিব লগীয়াত পৰে। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ যায় ১০ মোন ধানসহ তিনিটা ছাগলী আৰু পাঁচটাকৈ গো-ধন।

বৰ্তমানলৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও কোনো অচিনাকি দুষ্কৃতিকাৰীয়ে ঘটনা সংঘটিত কৰা বুলি সন্দেহ পৰিয়ালটোৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *