বজালীৰ পাঠশালাত চুৰিকাণ্ডক লৈ চাঞ্চল্য

বজালীৰ পাঠশালাত চুৰিকাণ্ডক লৈ চাঞ্চল্য

পাঠশালা আৰক্ষীক যেন পুনৰ চেলেঞ্জ জনাই চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড।

এইবাৰ চোৰৰ লক্ষ্য পাঠশালাৰ মা মনসা জুৱেলাৰী।

প্ৰাপ্ত তথ্য অনুসৰি, দুৰ্বৃত্তই জুৱেলাৰী দোকানখনত প্ৰৱেশ কৰি প্ৰথমে চি চি টিভি কেমেৰা ভাঙি পেলায়।

তাৰ পিছতে দোকানখনত থকা লক্ষাধিক টকাৰ সোণ-ৰূপৰ অলংকাৰ লুট কৰি নিয়ে চোৰে।

ঘটনাক কেন্দ্ৰ কৰি পাঠশালা চহৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।

ইটোৰ পিছত সিটো চুৰি কাণ্ডই পাঠশালাৰ আইন-শৃংখলা আৰু নিশাৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

ঘটনাস্থলীত আৰক্ষীৰ তদন্ত আৰম্ভ হৈছে।

চোৰৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *