পানী কমিছে কিন্তু দুৰ্দশা কমা নাই বানপীড়িত ৰাইজৰ।

পানী কমিছে কিন্তু দুৰ্দশা কমা নাই বানপীড়িত ৰাইজৰ। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানপীড়িত ৰাইজৰ দুৰ্দশাৰ জীয়া ছবি।

এই সকলোবোৰ মাজতে বানপীড়িত লোকসকলৰ সহায়-সহানভূতিৰ বাবে আগবাঢ়ি আহিছে প্ৰতিগৰাকী অসমীয়াই আগবাঢ়ি আহিছে মন্ত্ৰী-বিধায়ক, শিল্পীৰ পৰা সাধাৰণজনলৈ, কণ্টেণ্ট ক্ৰিয়েটৰ, ইউটিউবাৰৰ পৰা ব্যৱসায়ী-সমাজকৰ্মীলৈ,

উজনিৰ বানাক্ৰান্তৰ কাষলৈ হৈ সাহায্য প্ৰদান কৰাৰ পাছত কৃষ্ণগুৰু সেৱাশ্ৰমে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ লাখ ৫০১ টকাৰ অৰিহণা। গুৰুজনা তথা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰেমানন্দ প্ৰভুৰ নিৰ্দেশত বানপীড়িতৰ সহায়ৰ বাবে কৃষ্ণগুৰু সেৱাশ্ৰমৰ এই বৰঙণি প্ৰদান কৰা হয়।

উল্লেখ কৰা প্ৰয়োজন যে, ইতিমধ্যে সেৱাশ্ৰম আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা বানপীড়িত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ বাবে ২৫ লাখ টকাৰ প্ৰয়োজনীয় সামগ্ৰী আৰু আৰ্থিক সাহায্য বিতৰণ কৰা হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *