দোকানৰ তলা ভাঙি চোৰে চলালে তাণ্ডৱ;চোৰে লুটি নিলে দোকানৰ সামগ্ৰী

চামগুৰিত দিনক দিনে বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা।

এইবাৰ চামগুৰিৰ বৰালী গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সংঘটিত হৈছে এক নৈশ চুৰিকাণ্ড। বৰালী গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে থকা সুৰবালা দাস নামৰ মহিলাগৰাকীৰ দোকানত নিশা তলা ভাঙি চোৰে চলালে তাণ্ডৱ।

দোকানখনত সংৰক্ষিত হৈ থকা প্ৰায় ৪০ হাজাৰ টকাৰ সামগ্ৰী লৈ উধাও হয় দুষ্কৃতিকাৰীৰ দলটোৱে

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, চামগুৰিত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা।অপৰাধৰ সৈতে জড়িত একোটা চোৰকো বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই চামগুৰি আৰক্ষী।

আৰক্ষীৰ এই নিষ্ক্ৰিয়তা আৰু নৈশ পহৰাৰ দুৰ্বল ব্যৱস্থাৰ বাবেই অঞ্চলটোত চোৰৰ সন্ত্ৰাস বৃদ্ধি পোৱা বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *