তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত দুই বাইক আৰোহী

গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত মিছামাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

পুৱা প্ৰায় ৭ বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো

দুৰ্ঘটনাত দুজনকৈ বাইক আৰোহী থিতাতে নিহত হয়। নিহত বাইক আৰোহী দুজন হেলেম আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱা পথাৰৰ আমগুৰিৰ ৰোস্তম মিৰ্ধা আৰু ৰহমত আলী বুলি চিনাক্ত কৰা হৈছে।

​জানিব পৰা মতে এক বিবাহ অনুষ্ঠানৰ বাবে লখিমপুৰ অভিমুখী ৰে’ল ধৰাৰ বাবে হেলেম ৰে’ল ষ্টেচনলৈ বুলি দুয়ো ঘৰৰ পৰা বাইকেৰে ওলাই আহিছিল। যুৱক দুজনে মিছামাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰ অতিক্ৰম কৰিবলৈ লওতেই লখিমপুৰ অভিমুখী এখন তীব্ৰবেগী ট্ৰাকে তেওঁলোকক প্ৰচণ্ড বেগেৰে খুন্দা মাৰে। ফলত দুয়োৰে ঘটনাস্থলীতে কৰুণ মৃত্যু ঘটে।

হেলেম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যাবতীয় ব্যৱস্থা গ্ৰহণ কৰে। যুৱক দুজনৰ অকাল বিয়োগত সমগ্ৰ হেলেম অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।হেলেম আৰক্ষীয়ে ট্ৰাক আৰু বাইকখন জব্দ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *