জামিন লাভ কৰিলে মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ অভিযুক্ত চালক ছামিম আহমেদে।জামিন লাভৰ পাছতে মুকলি আকাশৰ তললৈ ওলাই আহিল ছামিম আহমেদ।
উল্লেখ্য যে, ২৬ এপ্ৰিলত মঠঘৰীয়াত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল তিনিগৰাকী যুৱতী ক্ৰমে আকাংক্ষা শইকীয়া, পূজা সাহা আৰু আৰ্মিনা আহমেদে। দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহন চালক ছামিম আহমেদ পলায়ন কৰিছিল।
গুৱাহাটীৰ পৰা পলায়ন কৰি শ্বিলঙত আত্মগোপন কৰিছিল ছামিমে। ৰূপ সলাবলৈ শ্বিলঙৰ এখন চেলুনত চুলি-দাড়ি কটোৱাছিল ছামিমে। ১ মে’ৰ পুৱা দুৰ্ঘটনা হোৱা ঠাইত আৰক্ষীয়ে তথ্য সংগ্ৰহৰ বাবে লৈ গৈছিল ছামিমক। তাৰ পৰাই পোনে পোনে ছামিম আহমেদক লৈ যোৱা হৈছিল শ্বিলঙৰ চুলি-দাড়ি কটোৱা চেলুনখনলৈ।
১ মে’ত মঠঘৰীয়াৰ ঘটনাই লৈছিল নতুন মুৰ। শুকুৰবাৰে মঠঘৰীয়াৰ পাহাৰত ছামিমৰ তেজেৰে লুতুৰি-পুতুৰি পোছাক উদ্ধাৰ কৰিছিল মহানগৰ আৰক্ষীয়ে। ছামিমক হেণ্ডকাফ লগাই মঠঘৰীয়াৰ পাহাৰত অভিযান চলাইছিল আৰক্ষীয়ে। ছামিমে দুৰ্ঘটনাৰ পাছত সলনি কৰিছিল নিজৰ পোছাক। এটা নলাত পেলাইছিল তেজ লাগি থকা পোছাকযোৰ। ১ মে’ৰ পুৱা নুনমাটি আৰক্ষীয়ে উদ্ধাৰ কৰে ছামিম আহমেদে দুৰ্ঘটনাৰ নিশা পিন্ধি থকা পোছাকযোৰ। ছামিম আহমেদৰ ঘৰ বৰপেটা জিলাত, কিন্তু পঢ়াশুনা কৰিছিল গোৱালপাৰাত।
দুৰ্ঘটনাত অভিযুক্ত চালক ছামিম আহমেদক চাৰিদিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত ২ মে’ত কামৰূপ মেট্ৰ’ৰ CJM আদালতত হাজিৰ কৰোৱা হৈছিল। আদালতে ২ মে’ত ১০ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল অভিযুক্ত ছামিম আহমেদক।মঠঘৰীয়াৰ নলাত উদ্ধাৰ হোৱা ছামিমৰ তেজ লগা চোলাটোৰ তেজৰ নমুনা পৰীক্ষণৰ বাবে আৰক্ষীয়ে আদালতত আবেদন কৰিছিল আৰু আদালতে আবেদনৰ শুনানি লৈ ছামিম আহমেদৰ তেজৰ নমুনা সংগ্ৰহৰ অনুমতি প্ৰদান কৰিছিল।।