জব্দ ২ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী

অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান ।‌ বিগত তিনি দিনত কাছাৰৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই কেইবা কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ পিছত সোমবাৰে পুনৰ ১০ হাজাৰ য়াবা টেবলেট জব্দ কৰিছে কাছাৰ আৰক্ষীয়ে।

গোপন তথ্যৰ‌ ভিত্তিত দুৱাৰবন্দ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপুল কলিতাই দল বল লৈ কাছাৰৰ ৰাজঘাটত অভিযান চলাই। অভিযানত জব্দ কৰে বুজন পৰিমাণৰ টেবলেটখিনি। ধলাই থানা এলেকাৰ লোকনাথপুৰৰ বাসিন্দা সুনাম উদ্দিন লস্কৰে বিক্ৰীৰ বাবে নিয়াৰ সময়ত জব্দ কৰা হয় টেবলেটখিনি।

নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে সুনাম উদ্দিন লস্কৰক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা টেবলেটখিনিৰ‌ মূল্য প্ৰায় ২ কোটি ৫০ লাখ টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *