গাত কেৰাচিন তেল ঢালি জুই লগাই আত্মহত্যা এগৰাকী মহিলাৰ

মহানগৰীৰ বতাহঘুলিত চাঞ্চল্যকৰ ঘটনা।

বতাহঘুলিত গাত কেৰাচিন তেল ঢালি জুই লগাই এগৰাকী মহিলাৰ আত্মহত্যা।

আত্মহত্যা কৰা মহিলা গৰাকী হৈছে বতাহঘুলিৰ বাসিন্দা প্ৰমিলা বড়ো দাস(২৬)।

শতকৰা ৯০ শতাংশ জ্বলি যোৱা প্ৰমিলা বড়ো দাসক জি এম চি এইচত নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

এটা তিনি বছৰীয়া সন্তানৰ মাতৃ প্ৰমিলা বড়ো দাসৰ স্বামী অজয় দাস এজন গাড়ী চালক।

ঘৰুৱা কন্দলৰ বাবেই মহিলা গৰাকীয়ে আত্মহত্যা কৰা বুলি সাতগাওঁ আৰক্ষীয়ে দাবী কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *