কাৰ্বি লাংপি জলবিদ্যুৎ ‘মিডিল ষ্টেজ টু’ প্ৰকল্পত মৰ্মান্তিক ঘটনা

পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ৰ ম’ৰিণ্টুত মৰ্মান্তিক ঘটনা।

ম’ৰিণ্টুত নিৰ্মাণৰত কাৰ্বি লাংপি জলবিদ্যুৎ “মিডিল ষ্টেজ টু” প্ৰকল্পত সংঘটিত অঘটন।

কাৰ্বি লাংপি নদীৰ সোঁতে উটুৱাই নিলে বৰচিং টেৰণ নামৰ প্ৰকল্পটোত কৰ্মৰত এজন স্থানীয় কৰ্মচাৰীক।

প্ৰকল্পটোৰ বান্ধটোৰ নিৰ্মাণকাৰ্য চলাই থকা “VAKS” নামৰ কোম্পানীটোত এজন ৱেল্ডিং কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছিল বৰচিং টেৰণ।

খাদ্য সামগ্ৰী অনাৰ উদ্দেশ্যে বৰচিঙে নদীৰ এটা পাৰৰ পৰা আনটো পাৰলৈ সাতুৰি পাৰ হৈ গৈছিল ।

নদীৰ প্ৰৱল সোঁতে উটুৱাই নিলে বৰচিং টেৰণক।

স্থানীয় লোকৰ সহযোগত বৈঠালাংছ’ আৰক্ষীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই বৰচিঙৰ মৃতদেহ।

Leave a Reply

Your email address will not be published. Required fields are marked *