আজি ভোগালী বিহুৰ উৰুকা। সমগ্ৰ ৰাজ্যতে পৰম্পৰাগতভাৱে চলিছে সমূহীয়া ভোজ-ভাতৰ আয়োজন।
কিন্তু এই উৎসৱমুখৰ পৰিৱেশৰ মাজতো যেন উৰুঙা উৰুঙা মাঘৰ বিহু। কাৰণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন প্ৰথমটো উৰুকা পালন কৰিবলৈ ওলাইছে অসমবাসী।
বিগত বৰ্ষৰ ১৯ ছেপ্টেম্বৰত প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু হৈছিল। তেওঁ গোৱা এটি গীতৰ দৰে এইবাৰ যেন উৰুঙা উৰুঙা মাঘৰে বিহু।