উন্মুক্ত নলাত পৰিল চাৰিচকীয়া বাহন;মৃত্যু ৮ জন লোকৰ

মধ্যপ্ৰদেশৰ আগৰ মালৱাত ভয়ংকৰ দুৰ্ঘটনা ৷ উন্মুক্ত নলাত পৰিল চাৰিচকীয়া বাহন ৷ ফলত বাহনখনত থকা ৮ জন লোকৰ মৃত্যু হয় । মৃত লোককেইজনৰ সাতজনেই ওড়িশাৰ বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে ৷

আৰক্ষীয়ে জনোৱা অনুসৰি, দুৰ্ঘটনাত পতিত বাহনখন বগলামুখী মন্দিৰ দৰ্শন কৰি উভতি আহি আছিল । সেয়ে তেওঁলোকে উক্ত পথছোৱাৰ সৈতে চিনাকী নাছিল ৷ ফলত উন্মুক্ত নলা বৰষুণৰ ফলত পানীৰে ভৰি আছিল ৷ পথৰ কাষতে থকা উন্মুক্ত নলাটো দেখা নোপোৱাৰ ফলত বাহনখন দুৰ্ঘটনাত পতিত হয় ৷ পানীৰ ঢৌৱে বাহনখন বহু দূৰলৈ উটুৱাই লৈ যায় ৷

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আটাইকে উদ্ধাৰ কৰে ৷ কিন্তু আৰক্ষীয়ে উদ্ধাৰ কৰা পৰলৈ আটাইকেইজন লোকৰ মৃত্যু হয় ৷ মৃতলোককেইজন ওড়িশাৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

প্ৰাথমিক তথ্য অনুসৰি, পৰিয়ালটো ভ্ৰমণৰ বাবে ওড়িশাৰ পৰা উজ্জয়িনীলৈ আহিছিল ৷ তাৰ পাছত গাড়ীৰে নলখেড়াৰ বগলামুখী মন্দিৰলৈ গৈছিল ৷ তাৰ পৰা তেওঁলোক উভতি অহাৰ সময়তে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *