উদণ্ড বাইক চালকৰ বিৰুদ্ধে তৎপৰ মহানগৰ যানবাহন আৰক্ষী।

উদণ্ড বাইক চালকৰ বিৰুদ্ধে তৎপৰ মহানগৰ যানবাহন আৰক্ষী।

ৰাজপথত তীব্ৰবেগত বাইক ষ্টাণ্ট আৰু শব্দ প্ৰদূষণৰ সৃষ্টি কৰা বাইক ৰাইডাৰৰ বিৰুদ্ধে তীব্ৰ অভিযান নুনমাটি আৰক্ষী থানাৰ যানবাহন আৰক্ষীৰ।

নুনমাটি আৰক্ষী থানাৰ যানবাহন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন শৰ্মাৰ নেতৃত্বত যানবাহন শাখাৰ এটা দলে উদণ্ড বাইক চালকৰ বিৰুদ্ধে মঠঘৰীয়াত অভিযান চলাই।

মঙলবাৰে অভিযানত নম্বৰপ্লেট বিহীন বাইক আৰু ড্ৰাইভিং লাইচেন্স বিহীন ভাবে চলোৱা দুই কিশোৰক আৰক্ষীয়ে আটক কৰে।

আৰক্ষীয়ে কিশোৰ দুগৰাকীক বাইকসহ আটক কৰি নুনমাটি আৰক্ষী থানালৈ লৈ আনে।

আৰক্ষীয়ে কিশোৰ গৰাকীৰ অভিভাৱক থানালৈ মাতি আনি জৰিমনা বিহে।

উল্লেখ্য যে, দুই কিশোৰে মটৰ চাইকেলৰ চাইলেন্সৰ আধুনিকীকৰণ কৰি ঘাই পথত প্ৰচণ্ড শব্দ কৰি বাইক চলাই সামাজিক পৰিবেশ বিনষ্ট কৰি আছিল

Leave a Reply

Your email address will not be published. Required fields are marked *