আপোন গাঁওখনত গৰু বিহু পালন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আজি ৰাজ্যজুৰি চহা অসমীয়া ৰাইজে পালন কৰিছে গৰু বিহু।।চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয় অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে গৰু বিহু ।

পুৱাতেই গো-ধনক নোৱাই-ধুৱাই শ্ৰীবৃদ্ধি কামনা কৰে ৰাজ্যবাসীয়ে।

গৰু বিহু উপলক্ষে নিজ জন্মস্থান চাবুৱাৰ বিন্ধাকটা মুলুক গাঁৱত গাঁৱবাসীৰ সৈতে গৰু বিহু পালন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

পুৱাই গাঁৱবাসীৰ সৈতে গৰু গা ধুৱাই, গো-ধনক স-সন্মানে সেৱা আগবঢ়ালে মন্ত্ৰীগৰাকীয়ে। মাহ আৰু হালধিৰে গৰু নোৱাই, পৰম্পৰা অনুসৰি পালন কৰিলে গৰু বিহুৰ ৰীতি-নীতি।গৰু গা ধোৱাৰ পিছতেই পৰম্পৰাগত খেল কণী যুঁজতো অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *