অসমৰ মৃগাংক বৰ্মনক বিজেপিৰ ৰাষ্ট্রীয় সম্পাদক হিচাপে নিযুক্তি

বিজেপিৰ নতুন সাংগঠনিক নিযুক্তি। ৰাষ্ট্রীয় উপ-সভাপতি হিচাপে নিযুক্তি ১৩ গৰাকীক।

এই তালিকাত স্থান লাভ দীৰ্ঘদিনৰ বিজেপি কৰ্মী তথা অসম প্ৰদেশ বিজেপিৰ প্ৰাক্তন সাধাৰণ সম্পাদক মৃগাংক বৰ্মনৰ।

উল্লেখযোগ্য যে, নতুন সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে বি এল সন্তোষক। তাৰোপৰি যুটীয়া সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিছে শিৱপ্রকাশ আৰু সৌদান সিঙক। ৮গৰাকী নতুন সাংগঠনিক সাধাৰণ সম্পাদকক নিযুক্তি দিয়া হৈছে।

ৰাষ্ট্রীয় সম্পাদক হিচাপে নিযুক্তি পোৱা মৃগাংক বৰ্মন হৈছে অসম বিজেপিৰ প্ৰাক্তন সম্পাদক, যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি,অসম অলিম্পিক সন্থাৰ প্ৰাক্তন উপ সভাপতি, য়ুথ ফৰামৰ প্ৰাক্তন সভাপতি আৰু অসম টেবুল টেনিছ সন্থাৰ প্ৰাক্তন সভাপতি।

Leave a Reply

Your email address will not be published. Required fields are marked *