ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ অৰুণাচল লেকাং FC

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ফুটবল প্ৰতিযোগিতাত ফুটবল তাৰকাৰ দুভৰি যাদু চাবলৈ ভীৰ ক্ৰীড়া প্ৰেমী দৰ্শকৰ।

সোমবাৰে নৈশ লোকত অনুষ্ঠিত হোৱা পঞ্চম বাৰ্ষিক আমন্ত্ৰণমূলক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ফুটবল প্ৰতিযোগিতা খনত অৱৰ্তীণ হৈছিল মনিপুৰ কোচিং ফুটবল ক্লাব বনাম অৰুণাচল লেকাঙ Fc ৰ মাজত।

দুভৰিৰ যাদুৰে অৰুণাচল প্ৰদেশৰ লেকাঙ FC য়ে মনিপুৰ কোচিং ফুটবল ক্লাবক ৩/০ গলত পৰাস্ত কৰে।

তিনিচুকীয়া এঠেঙীয়া গাঁৱত অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ফুটবল প্ৰতিযোগিতা খনত বিজেতা দলক ১ লাখ টকাৰ নগদ ধনৰ মাননী লগতে বিজেতা দলক ৫০ হাজাৰ মাননি প্ৰদান কৰিব উদ্যোক্তা সমিতিয়ে।

আনহাতে আজি প্ৰথমখন ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব আছুফী ফুটবল একাডেমী মণিপুৰ বনাম স্থানীয় ৰেফ্লেকশ্বন কোচিং fc য়ে।

উক্ত দিনা গেলাৰী পৰিৱৰ্ত্তে বিশেষ শ্ৰেণীৰ টিকট হে উপলব্ধ থাকিব বুলি মন্তব্য আগবঢ়ায় উদ্যোক্তাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *