ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।শুকুৰবাৰে নিশা দক্ষিণ শালমাৰা-মানকাচৰ জিলাত চোৰাং গৰু সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান। অভিযানত হাটশিঙিমাৰীৰ সুখচৰ এলেকাত আৰক্ষীয়ে ৩৮টাকৈ সন্দেহজনক চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি, গোপন খবৰৰ ভিত্তিত খাৰুৱাবান্ধা আৰক্ষী চকীৰ এটা দলে সুখচৰ থানাৰ অন্তৰ্গত হাজিৰহাট এলেকাত সন্ধিয়াৰ ভাগত অভিযান চলায়। এই অভিযানৰ সময়তে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী বিভিন্ন অঞ্চললৈ খোজকঢ়াই নি থকা অৱস্থাত আৰক্ষীয়ে ৩৮টা গৰু জব্দ কৰে। আৰক্ষীৰ উপস্থিতিৰ উমান পাই গৰুকেইটা লৈ যোৱা লোকসকলে অন্ধকাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয় বুলি সন্দেহ কৰা হৈছে।
উল্লেখ্য যে, জব্দ কৰা গৰুকেইটা বৰ্তমান খাৰুৱাবান্ধা আৰক্ষী চকীৰ জিম্মাত ৰখা হৈছে। প্ৰকৃততে গৰুকেইটা অবৈধভাৱে বাংলাদেশলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে সীমান্তৱৰ্তী অঞ্চললৈ অনা হৈছিল নে স্থানীয় কৃষকে কৃষি কাৰ্য বা পালনৰ বাবে ক্ৰয় কৰি আনিছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। গৰুকেইটাৰ প্ৰকৃত মালিক কোন আৰু এই সৰবৰাহৰ আঁৰত কোনো আন্তঃৰাষ্ট্ৰীয় চোৰাং চক্ৰ জড়িত হৈ আছে নেকি, সেই সন্দৰ্ভত খাৰুৱাবান্ধা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।